ডবকাত ব্যৱসায়ীক ধন দাবী কৰা চক্ৰৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

 09/10/2019 - 20:46

ডবকাঃ তিনি মাহ পূৰ্বে এখন পত্ৰ আৰু বন্দুকৰ গুলিৰে ধন দাবী কৰিছিল৷ ডবকাৰ ব্যৱসায়ীক পত্ৰযোগে ধন দাবী কৰা অখ্যাত সংগঠনৰ মূল অভিযুক্ত মঙলবাৰে আৰক্ষীৰ জালত পৰিল৷ অভিযুক্ত জনৰ নাম ৰাজুল আলম বুলি চিনাক্ত হৈছে৷ যুৱকজনৰ ঘৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পদুমনিত বুলি জানিব পৰা গৈছে৷ ৩১ মে'ৰ নিশা এক অখ্যাত সংগঠনৰ নামত ডবকাৰ এগৰাকী যুৱ ব্যৱসায়ীক ধনদাবী কৰিছিল৷ ধনদাবী পত্ৰৰ লগতে উক্ত সংগঠনে এ, কে ৪৭ আৰু থ্ৰী নট থ্ৰী বন্দুকৰ দুটা সক্ৰিয় গুলি এখন খামত ভৰাই ছয় লাখ টকা দাবী কৰিছিল ব্যৱসায়ীজনৰ পৰা৷

বিতুপন কলিতাৰ নামত নিজ ডবকা গাঁৱৰ হিলাল উদ্দিন বৰভূঞা নামৰ ব্যৱসায়ীজনৰ পৰা এই ধন দাবী কৰা হৈছিল৷ দাবী কৰা ধন আদায় নিদিলে ব্যৱসায়ীজনৰ একমাত্ৰ পুত্ৰক অপহৰণ কৰাৰ লগতে ব্যৱসায়ীজনক গুলিয়াই হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল৷ ঘটনা সম্পৰ্কত ব্যৱসায়ী গৰাকীয়ে ডবকা আৰক্ষীৰ সহায় বিচাৰিছিল আৰু এখন এজাহাৰ দাখিল কৰিছিল৷

আৰক্ষীয়ে দাবীপত্ৰ, গুলি জব্দ কৰি ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিত ১৭১/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে৷ ঘটনাৰ প্ৰায় তিনি মাহ সময় উকলি যোৱাৰ পিছত মঙলবাৰে ডবকা আৰক্ষীয়ে নগাঁৱৰ পৰা ধনদাবী কৰি ত্ৰাসৰ সৃষ্টি কৰা অভিযুক্ত ৰাজুল আলমক কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।