ৰঙিয়াত হৰদত্ত বীৰদত্ত ফুটবলৰ চেমিত মণিপুৰৰ এছ ই চি ক্লাৱ

 09/11/2019 - 11:06

ৰঙিয়াঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা হৰদত্ত বীৰদত্ত সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত মণিপুৰৰ এছ ই চি ক্লাবে কনিহাৰ শংকৰ আজান সংঘক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে৷

খেলখন উদ্বোধন কৰে ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী দিগন্ত কলিতাই৷ খেলখনত ৰঙিয়াৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকা উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।