লখিমপুৰত বহুভাষিক কবি সন্মিলন

 09/11/2019 - 11:38

লখিমপুৰঃ মঙলবাৰে লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা, জিলা ভিত্তিক কবি সন্মিলনৰ লগতে এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ লখিমপুৰ নগৰৰ টাউন হাইস্কুলৰ গৃহত অনুষ্ঠিত হয় অনুষ্ঠানটো। অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

জিলা ভিত্তিক কবি সন্মিলনত অৰ্ধশতাধিক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। বহুকেইজন বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানটিত কবিতা সম্পৰ্কে তত্বগধুৰ পৰ্যালোচনা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।