গৌৰীপুৰত হিউমেন ৰিছোৰ্চ ডেভলপমেণ্ট ইনষ্টিটিউট মুকলি

 09/11/2019 - 11:47

গৌৰীপুৰঃ হিউমেন ৰিছোৰ্চ ডেভলপমেণ্ট ইনষ্টিটিউটৰ ৰিছোৰ্চ কাৰ্যালয়ৰ দ্বাৰা মুকলি কৰে গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ আব্দুল হানিফ তালুকদাৰে। অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ কেইবাজনো প্ৰধান শিক্ষক-শিক্ষয়ত্রী তথা বহু গণ্য মান্য ব্যক্তি। এই কাৰ্যালয়ৰ জিলা সমন্বয়কৰ দায়িত্বত থাকিব আজিজুৰ ৰহমান আৰু সহ-কৰ্মী হিচাপে থাকিব মাছুম ফিৰদুছ, আনিছুৰ আলী, কংকনা বৰুৱা ।

হিউমেন ৰিছোৰ্চ ডেভলপমেন্ট ইনষ্টিটিউটৰ অধিনত বছৰত ২বাৰ অসমীয়া, ইংৰাজী, বড়ো, মাধ্যমৰ (ছেবা/চি বি এছ চি) ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিভা সন্ধানীমূলক বৃত্তি পৰীক্ষা অনুষ্টিত কৰাৰ লগতে বিভিন্ন শিক্ষা মূলক কাম কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।