বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

 09/11/2019 - 12:10

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মঙলবাৰে সন্ধিয়া ৬-৩০ বজাত নগাঁৱৰ পৰা ধিং অভিমুখী নাম্বাৰ প্লেট বিহীন এখন স্কুটী আৰু ধিঙৰ পৰা নগাঁও অভিমুখী এচ-০২চিচি-১৫৯৪ নম্বৰৰ টেম্পুখনৰ মুখা-মুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুর্ঘটনাটো। দুৰ্ঘটনাত স্কুটি চালক জন থিতাতে নিহত হয়।

নিহত চালকজন ছলছলিৰ আমিৰ হামজা(২৮) বুলি জানিব পৰা যায়। চলাপথাৰস্থিত শহুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুর্ঘটনা। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱালৈ প্ৰেৰণ কৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।