ঢকুৱাখনাত বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ

 09/11/2019 - 13:02

ঢকুৱাখনাঃ ঢকুৱাখনাৰ "বিধায়ক কাপ"ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যখনৰ প্ৰবীণ ক্ৰিয়াবিদ তথা আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তসেন বৰাই। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ বিশেষ উদ্যোগত অনুষ্ঠিত হোৱা ক্ৰিয়া মহোৎসৱত তেওঁ আহ্বান জনায় ক্ৰীড়াক পেচালৈ ৰূপান্তৰ কৰিবলৈ। ঢকুৱাখনাত ৰাজ্যৰ ভিতৰতে প্ৰথমখন সমষ্টি ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতা "বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ।

কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰৰ মাজত মঙলবাৰে ঢকুৱাখনাত আৰম্ভ হয় গ্ৰাম্য ক্ৰীড়া মহোৎসৱ ২০১৯। ঢকুৱাখনাৰ অন্যতম শিক্ষা আৰু ক্ৰিয়াৰ প্ৰাণকেন্দ্ৰ ঘিলামৰাত ঢকুৱাখনা মহকুমা প্ৰশাসন, জিলা ক্ৰিয়া সন্থা তথা ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ বিশেষ উদ্যোগত অনুষ্ঠিত হোৱা বৃহৎ ক্ৰিয়া মহোৎসৱ খনৰ বাবে ঢকুৱাখনাৰ ক্ৰিয়াৰ প্ৰাণকেন্দ্ৰ ঘিলামৰা মঙলবাৰে ক্ষুদ্ৰ অলিম্পিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হয়।

ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী প্ৰসিদ্ধ খেলুৱৈ তথা হাজাৰ হাজাৰ ক্ৰিয়ানুৰাগীৰ উপস্থিতিৰ লগতে ঢকুৱাখনা বিধানসভা সমষ্টিৰ ২৫ খন পঞ্চায়তৰ ২৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উদ্ধোধনী অনুষ্ঠানত অলিম্পিক শিখা প্ৰজ্বলন কৰে ঢকুৱাখনাৰ বিশিষ্ট ক্ৰীড়াবিদ জগদীশ গগৈয়ে। অলিম্পিক শিখা মূল অংশত স্থাপন কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ-জয়শ্ৰী কোঁৱৰে।

উদ্ধোধনী অনুষ্ঠানত ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। লগতে সন্ধ্যাভাগলৈ মাজুলীৰ শিল্পী তুলিকা শইকীয়াই গীত পৰিবেশন কৰি উদ্বোধনী অনুষ্ঠানতো অধিক ৰঙিন কৰি তোলে। প্ৰতিযোগিতাখনত-১৪বছৰ,১৬ বছৰ আৰু ২১ বছৰ অনুৰ্দ্ধৰ তিনিটা শাখাত ল'ৰা আৰু ছোৱালীৰ মাজত-ফুটবল,ভলীবল, দৌৰ, কাবাদি ইত্যাদি বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।