চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ

 09/11/2019 - 13:48

চামগুৰিঃ বনৰীয়া হাতীৰ উপদ্ৰৱত নগাঁও জিলাৰ চামগুৰিত দোভাগ নিশা পৰ্য্যন্ত বনবিভাগে ব্যাপক অভিযান চলায়। বিগত দুই সপ্তাহ ধৰি বন্যহস্তীৰ চাৰি জনীয়া এটা জাকে চামগুৰিৰ বিভিন্ন ঠাইত নিতৌ দিনে-নিশাই চলাই আহিছে উপদ্ৰৱ। যোৱা দিন কেইটাত বন্যহস্তীৰ মুখৰ আগৰ পৰা কথমপি ৰক্ষা পৰিছিল চামগুৰিৰ কেইবাটাও পৰিয়ালৰ লোক।

উদমাৰি খণ্ড বনবিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীয়ে বহুদিন ধৰি চেষ্টা কৰিও হাতীৰ জাকটো কাৰ্বি পাহাৰলৈ খেদি পঠিওৱাত ব্যৰ্থ হোৱাত বনবিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় কৃষক আৰু ভুক্তভোগী ৰাইজে। অৱশেষত উপায়ন্তৰ হৈ চাপানালা খণ্ড বনবিষয়াৰ কাৰ্যালয়ৰ কেইজনমান বনৰক্ষীৰ সহযোগত উদমাৰি উপখণ্ড বনবিভাগৰ বনৰক্ষীয়ে যুটীয়াভাৱে চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱৰ পথাৰত, কুৰুৱাবাহী, গেন্ধালিত বিয়লিৰ পৰা দোভাগ নিশা পৰ্য্যন্ত অভিযান চলাই উপদ্ৰৱ সৃষ্টি কৰা হাতী চাৰিটাক পাহাৰৰ দিশে কিছু দূৰ খেদি পঠিয়াবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।