তিনিচুকীয়াত উত্তৰ-পূৱ ৰে'লৱে শ্ৰমিক সন্থাৰ প্ৰতিবাদ

 09/11/2019 - 17:10

 

তিনিচুকীয়াঃ ভাৰতীয় ৰেলক বৰ্তমান শাসনাধিস্থ বিজেপি চৰকাৰখনে অসমৰ খাতিখোৱা শ্ৰমিক সকলৰ বিপৰীতে গৈ ব্যক্তিগত   খণ্ডক লৈ ১ লাখ কৰ্মচাৰীক ষড়যন্ত্ৰ কৰাৰ লগতে চাকৰিৰ পৰা বাহিৰ কৰে৷ আৰু ৩০ বছৰ চাকৰিত অতিবাহিত কৰা লগতে ৫৫ বছৰ বয়সৰ কৰ্মচাৰীসকলক চাকৰীৰ পৰা অব্যাহত দিব বিচৰাৰ কাৰ্যক তীব্ৰ বিৰোধীতা কৰি আজি তিনিচুকীয়া মণ্ডল ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত উত্তৰ-পূৱ ৰে'লৱে শ্ৰমিক সন্থা তিনিচুকীয়া মণ্ডল সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে দিল্লীৰ ৰেল মন্ত্ৰ্যালয়কৈ এখন স্মাৰক পত্ৰ মণ্ডল ৰেল প্ৰৱন্ধকৰ যোগেদি প্ৰেৰণ কৰি এনে সিন্ধান্ত শীঘ্ৰেই প্ৰ্ত্যাহাৰ কৰিবলৈ দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।