গোলকগঞ্জ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাও

 09/11/2019 - 17:47

গৌৰীপুৰঃ আজি বালাজানবাসী ৰাইজৰ উদ্যোগত আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ২ নং বালাজান এল. পি স্কুলৰ প্ৰধান শিক্ষক মোছকেত আলী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফিদ্দুছ আলীয়ে কৰা ব্যাপক দুৰ্নীতি তথা অনিয়মৰ ক্ষিপ্ৰ তদন্তৰ দাবী স্থানীয় ৰাইজ আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ। গোলকগঞ্জ শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং বালাজান এল. পি স্কুলত মধ্যাহ্ন ভোজনৰ আহাৰৰ চাউলত পোক ধৰাত ৰাইজে স্কুলৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিক জনাইছিল। কিন্ত প্ৰধান শিক্ষক মোছকেত আলীয়ে কোনো গুৰুত্ব নিদিয়াত আজি গোলকগঞ্জ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া ৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজ আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰে।

লগতে ইয়াৰ উচিত তদন্ত কৰি প্ৰধান শিক্ষক মোছকেত আলীক নিলম্বিত কৰাৰ লগতে স্কুলৰ পৰিচালনা সমিতিক উচিত শাস্তি দিব লাগে, বালাজানবাসী আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ দাবী। লগতে স্থানীয় ৰাইজ আৰু ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে গোলকগঞ্জ ৰাজহ-চক্ৰ বিষয়াক এখন স্মাৰকপত্র প্ৰেৰণ কৰে, আৰু ঘটনাৰ উচিত তদন্তৰ দাবি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।