বৰপেটা ভেল্লাৰ শিক্ষক-সমাজসেৱক অহেদুৰ ওজাৰ দেহাৱসান

 09/11/2019 - 18:55

বৰপেটাঃ বুধবাৰে পুৱা ১০ঃ৩০ বজাত ঘটে অহেদুৰ ওঁজাৰ মৃত্যু। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অহেদুৰ ওঁজাই। জটিল ৰোগত আক্ৰান্ত হৈ আছিল সমাজসংগঠক, শিক্ষক অহেদুৰ ওঁজা। সমাজত এগৰাকী ভাল শিক্ষক হিচাপে পৰিচিত তেওঁ। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষক অহেদুৰ ওঁজা। সমাজৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল শিক্ষক অহেদুৰ ওঁজা।

সমাজিকভাৱে অধিক সচেতন আছিল তেওঁ। পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো তেওঁৰ যথেষ্ট অৱদান আছিল। ছাত্ৰাৱস্থাৰ পৰাই ৰাজনৈতিকভাৱে অধিক সক্ৰিয় আছিল তেওঁ। অঞ্চলত এগৰাকী দক্ষ ৰাজনৈতিক নেতা হিচাপেও পৰিচিত তেওঁ। নৱপ্ৰজন্মক ৰাজনৈতিকভাৱে অধিক সক্ৰিয় হোৱাত তেওঁৰ যথেষ্ট অৱদান, পৰামৰ্শ লেখতলবলগীয়া।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত শোকত ভাঙি পৰে তেওঁৰ অনুগামী, স্থানীয় ৰাইজ লগতে বিভিন্ন প্ৰান্তৰ লোক। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।