লখিমপুৰত সোৱনশিৰী নৈৰ পাৰত প্ৰতিবাদ

 09/11/2019 - 19:00

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অধিনত ভিমপৰা পঞ্চায়তৰ অন্তৰ্গত ১নং আৰু ২নং গেৰেকী কঠালগুৰি গাঁৱৰ সোৱনশিৰী নৈৰ পাৰত প্ৰতিবাদ৷ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে জিলা উপায়ুক্তৰ তৎকালীন সাহাৰ্য পুজিৰ নিৰ্মিত প্ৰায় ১কোটি টকাৰ পাৰকিউপাইন কামৰ অনিয়মৰ দুৰ্নীতিৰ দাবীত টিএমপিকে, এমএমকে আৰু টিএমএমকে নামনি ভিমপৰা আঞ্চলিক সমিতিৰ উদ্যোগত তিনি শতাধিক স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে উচিত তদন্ত কৰি পুনৰ পাৰকিউপাইনৰ বিহিত ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।