বংশীধৰ ৰাজবংশী দুবছৰে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী

 09/11/2019 - 19:18

বিজনীঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং বৰপথাৰ গাঁৱৰ বাসিন্দা বংশীধৰ ৰাজবংশীক বিদেশী ন্যায়াধীকৰণ আদালতে ২০১৭ বৰ্ষৰ ২০ জুলাইত ডি ভোটাৰ সজাই গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। কিন্তু বংশীধৰ ৰাজবংশীৰ পিতৃ প্ৰয়াত পলান ৰাজবংশীৰ নামত আছে ১৯৬৬ আৰু ১৯৭০ চনৰ লিগেচি ডাটা, ১৯৬৬ চনৰ ভোটাৰ তালিকাকে ধৰি একাধিক বৈধ ভাৰতীয় নথি-পত্ৰ।

বংশীধৰ ৰাজবংশীৰ ভোটাৰ পৰিচয় পত্ৰকে ধৰি একাধিক বৈধ ভাৰতীয় নথি-পত্ৰ আছে।

দুবছৰে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ বাবে বংশীধৰ ৰাজবংশীৰ পত্নী ৰাধিকা ৰাজবংশী, পুত্ৰ অনন্ত ৰাজবংশী, বোৱাৰী দুৰ্গা ৰাজবংশী আৰু কণমানি নাতিনী প্ৰিয়ংকা ৰাজবংশী অসহায় হৈ পৰিছে। বংশীধৰ ৰাজবংশী ডি ভোটাৰ হোৱা বাবেই পৰিয়ালৰ সদস্যসকলৰ নাম নাহিলে এনআৰচি ত। এই সমস্ত ঘটনাটো পোহৰলৈ আনে এচএফআই ৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ সভাপতি শুভংকৰ ঘোষে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।