শিংৰা নদীৰ গৰাখহনীয়াই তচনচ কৰিলে বহু পৰিয়ালৰ সপোন

 09/11/2019 - 19:26

বকোঃ গৰাখহনীয়াত জাহ গ’ল বহুতৰে সপোনৰ ঘৰ, কৃষি ভূমি৷ কাণসাৰ নাই জলসম্পদ বিভাগৰ। সেয়ে খহনীয়া প্ৰতিৰোধৰ বাবে মা গংগাক পূজা অৰ্চনা গাঁৱবাসীৰ। বকোৰ বালিঝাৰৰ নাথপাৰা গাঁৱৰ ঘটনা৷ গাঁৱখনৰ শতাধিক খিলঞ্জীয়া পৰিয়াল এতিয়া খহনীয়াৰ কৱলত। আন একাংশ পৰিয়ালৰ ঘৰ দুৱাৰ যাওঁযাওঁ অৱস্থা। কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ চৰকাৰ আৰু স্থানীয় বিধায়িকা নন্দিতা দাস। বালিঝাৰৰ নাথপাৰা গাঁওত বিগত ৬/৭ বছৰে শিংৰা খহনীয়াই আতংকিত কৰি ৰাখিছে শ শ পৰিয়ালক। এই ভয়ানক খহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ ৰাইজৰ।

চৰকাৰ আৰু বিধায়িকা নন্দিতা দাসক কাকূতি মিনতি কৰিও কোনো সুফল পোৱা নাই নাথপাৰা বাসীয়ে। সেয়ে মা গংগাৰ শৰণাপন্ন গাঁওবাসী। চৰকাৰ আৰু বিধায়িকাৰ সহায়ৰ আশা ত্যাগ কৰি শিংৰা নদীৰ পাৰত একাংশই কৰিছে পূজা অৰ্চনা। ইপিনে বকোৰ নাথপাৰা বাসীৰ এই দুৰ্যোগৰ কিয় কাণসাৰ নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।