অসম চাহ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে তীব্ৰ প্ৰতিবাদ

 09/11/2019 - 20:22

ভেৰগাঁওঃ বুধবাৰে ওদালগুৰি জিলাৰ বৰঙ্গাজুলি চাহ বাগিছাত কৰ্মচাৰী সকলে দৰমহা বৃদ্ধি নোহোৱাক লৈ তীব্ৰ প্ৰতিবাদেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ১৯৪৭ চনত গঠন হোৱা অসম চাহ কৰ্মচাৰী সন্থাৰ বিৰুদ্ধে পোন প্ৰথমবাৰৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে৷ ওদালগুৰি জিলাৰ মঙলদৈ চাৰ্কেলৰ অন্তৰ্ভুক্ত সকলো চাহ বাগিচাৰ লগতে বৰঙ্গাজুলি চাহ বাগিচাৰ কৰ্মচাৰীয়েও প্ৰতিবাদ কৰে। 

চাহ কৰ্মচাৰী সকলে প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ চুক্তি থকাৰ পিছতো কৰ্মচাৰী সকলৰ আজিলৈ দৰমহা বৃদ্ধি নহ'ল। "চি চি পি এ হুচিয়াৰ ", "অসম চাহ কৰ্মচাৰী সন্থা জিন্দাবাদ’, "মালিক পক্ষ হুচিয়াৰ", "চাহ উদ্যোগ সংঘৰ ভুৱা প্ৰচাৰ ' আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। ২০১৮ মাৰ্চ মাহত পূৰ্বৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছতো ১৭ মাহে নতুন চুক্তি ৰূপায়ন নোহোৱাত চাহ কৰ্মচাৰী সদস্য সকলে শাখা সংঘত জৱাব দিহি কৰে। কেন্দ্ৰীয় নেতৃবৰ্গই চি চি পি এৰ ব্যৱস্থা গ্ৰহন নকৰাক লৈ চি চি পি এৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।