ৰাজ্যত পুনৰ সংঘটিত লাভ জেহাদৰ ঘটনা

 09/11/2019 - 20:44

চামতাঃ সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় সমস্যা হিচাপে থিয় দিছে মুছলমান যুৱকৰ দ্বাৰা সংঘতিত লাভ জেহাদ৷ নলবাৰীত আকৌ এজন লাভ জেহাদী গ্ৰেপ্তাৰ বুধবাৰে৷ নলবাৰী জিলাৰ চামতাৰ নলনা আমনিৰ মঃ জইনাল আলীৰ পুত্ৰ মেৰাজ আলীয়ে ৯ ছেপ্তেম্বৰত এজনী ১৮ বছৰীয়া হিন্দু যুৱতীক বন্ধুত্বৰ চলেৰে ফুৰিবলৈ লগ ধৰি অপহৰণ কৰি লৈ গৈ গুৱাহাটীৰ নাৰেংগীত ৰাখে৷ ছোৱালীৰ পৰিয়ালে বেলশৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত বুধবাৰে বেলশৰ আৰক্ষীয়ে লৰা ছোৱালী উভয়কে উদ্ধাৰ কৰি "হিন্দু সুৰক্ষা সেনা"ৰ কেন্দ্ৰীয় সম্পাদক জয়দেৱ হাজৰিকাৰ নেতৃত্বত নলবাৰী কোৰ্টত হাজিৰ কৰায়৷

পৰৱৰ্তী সময়ত ছোৱালীৰ ভাষ্যত সমগ্ৰ অপহৰণকাণ্ড আৰু ধৰ্মান্তকৰনৰ বাবে দিয়া হেচাৰ বিষয় পোহৰলৈ আহে৷ তাৰ পিছত বেলশৰ আৰক্ষীয়ে ছোৱালীজনীক পৰিয়ালৰ হাতত চমজাই দি কুখ্যাত লাভ জেহাদী মেৰাজ আলীক তদন্তৰ বাবে বেলশৰ আৰক্ষী চকীলৈ লৈ যায়৷ বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰে এক আচুতীয়া আলোচনাত হিন্দু সুৰক্ষা সেনাৰ সম্পাদক জয়দেৱ হাজৰিকাই উচিত তদন্ত কৰি দোষীৰ উপযুক্ত শাস্তিৰ বাবে অনুৰোধ জনাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।