হিমাচল পাহাৰ বগোৱাত সফল বিটিচিৰ তিনি যুৱক

 09/11/2019 - 21:27

কোকৰাঝাৰঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰৰ বেচৰকাৰী সংস্থা এডভাঞ্চাৰ এন জি অ’ৰ উদ্যোগত হিমাচল প্ৰদেশৰ প্ৰকৃতিৰ সৌন্দৰ্য্যৰে ভৰপূৰ পাহাৰত পাহাৰ বগাবলৈ যোৱা দলটোৱে অৱশেষত সফলতা অৰ্জন কৰিলে৷ অৱশ্যে ২ ছেপ্তেম্বৰত পৰ্বতাৰোহী জগদীশ বসুমতাৰীৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰা দলটোৰ তিনিগৰাকীয়েহে হিমাচল পাহাৰত পৰ্বতাৰোহন কৰিবলৈ সফলতা অৰ্জন কৰিছে৷ তেওঁলোকক্ৰমে ড: জগদীশ বসুমতাৰী, লাংগৌনা বসুমতাৰী আৰু ফুংখা ব্ৰহ্ম৷ দলটোৱে হিমাচলৰ ১৫৬০০ ফুট উচ্চতাৰ পাহাৰৰ ভাৰতপুৰ নামৰ ঠাইত ৬ ছেপ্টেম্বৰত শিবিৰ পাতিছিল।

পৰৱৰ্তী সময়ত ১৮১০০ ফুট উচ্চতাৰ পাহাৰত ৮ ছেপ্টেম্বৰত পুনৰ শিবিৰ পাতি ৯ ছেপ্টেম্বৰৰ পুৱা ৪.৩০ বজাত তিনিওগৰাকী যুৱকে পৰ্বতাৰোহন আৰম্ভ কৰি ১.৩০ বজাত ৬১১১ ফুট উচ্চতাৰ পৰ্বতাৰোহন সফল কৰিবলৈ সক্ষম হয়। পিছত ৰাষ্ট্ৰীয় পতাকা আৰু আৰ'নাই জোকাৰি পৰ্বতাৰোহন সফলতাৰ প্ৰদৰ্শন কৰে৷ এই কথা জানিবলৈ দিছে এডভাঞ্চাৰ এন জি অ’ৰ সভাপতি মনঞ্জয় দৈমাৰীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।