শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাড়ী সহ ৬১ টা চোৰাং গৰু জব্দ

 09/11/2019 - 21:30

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৩১ নম্বৰ(গ)ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এ-এছ-01LC 2683 আৰু BR-06GA-7297 নম্বৰৰ দুখন ট্ৰাকসহ ৬১ টা গৰু জব্দ আৰু কেইবাজনক আটক কৰে৷ মঙলবাৰৰ নিশাৰ ভাগত আন্তঃ ৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰ হৈ অবৈধ ভাৱে গৰু সৰবৰাহ কৰাৰ তথ্য লাভ কৰি শিমুলটাপু আৰক্ষীয়ে মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত গৰু সহ দুখন ট্ৰাক আটক কৰি তালাচী চলায়৷ অবৈধ গৰু চালান প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।