মৰিগাঁৱত কিশোৰী ব্যৱসায়ী চক্ৰ আটক

 09/12/2019 - 11:31

মৰিগাঁওঃ মৰিগাঁৱত কিশোৰী ব্যৱসায়ী চক্ৰ আটক হোৱাৰ ঘটনাই সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ৷ ঘটনাৰ বিৱৰণি মতে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰাকলং গাঁৱৰ বকুলী বৰদলৈ ওৰফে কাজল নামৰ মহিলা গৰাকীয়ে একে গাঁৱৰ একেটা পৰিয়ালৰ চাৰিজনীকৈ কিশোৰীক বিহাৰলৈ নিয়াৰ চেষ্টা কৰে।

সেই সময়ত কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ লোকে মৰিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত মৰিগাঁও আৰক্ষী আৰু গুৱাহাটী আৰক্ষীয়ে তাৎক্ষনিকভাবে কামাখ্যা ষ্টেচনৰ পৰা আটক কৰে চক্ৰটোক৷ জাগীৰোডৰ পৰা কালি অবাধ এক্সপ্ৰেছত চাৰিজনী কিশোৰীক নিয়াৰ সময়তে গুৱাহাটী আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীৰ লগতে চক্ৰটোক৷ বকুলী বৰদলৈয়ে বিহাৰলৈ নৃত্য গীত কৰিবৰ বাবে নিয়া বুলি আৰক্ষী আগত স্বীকাৰোক্তি দিয়ে যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।