মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সম্পূৰ্ন কৰিব নোৱাৰিলে পথ

 09/12/2019 - 11:50

মৰিগাঁওঃ মৰিগাঁও জিলাৰ অন্তৰ্গত দন্দুৱা পৰা সাপমাৰী লৈ যোৱা পথৰ অৱস্থা অতিকৈ সূচনীয়৷ গাড়ী মটৰ যাব নোৱাৰা এটা পথ৷ বিধায়ক ৰমাকান্তৰ দেউৰীৰ নেতৃত্বত যমৰ যাতনা ভুগিবলগীয়া হৈছে সাপমাৰী লগতে বিভিন্ন অঞ্চলৰ ৰাইজে আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে৷ শংকৰদেৱৰ অধিৱেশনৰ বাবে ৰাস্তা-ঘাট নিৰ্মানৰ লগতে মেৰামতিৰ বাবে আৱন্তন অহাত ৰাস্তাৰ নিৰ্মান আৰম্ভ কৰিছিল যদিও আজিলৈ সম্পূৰ্ন নহ’ল পথটো৷ ক’ত গ’ল ৰাস্তা-নিৰ্মানৰ বাবে অহা আৱন্তন কেতিয়ালৈ ভুগিব লাগিব ৰাইজে যমৰ যাতনা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।