ওদালগুৰিৰ ভূটান সীমান্তত বন্যহস্তীৰ তাণ্ডৱ

 09/12/2019 - 12:43

ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ভূটান সীমান্তত ভয়াবহ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে৷ অসম চৰকাৰ, বিটিচি চৰকাৰৰ বনবিভাগৰ অৱহেলাৰ বাবে ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণত সপ্তাহত দুজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে শতাধিক বাসগৃহ লণ্ড-ভণ্ড কৰি আহিছে৷

বলীয়া হোৱা এটা বন্যহস্তীয়ে এই বছৰতে ২৩জনৰো অধিক লোকক গচকি হত্যা কৰাৰ লগতে অগণন লোকক ঘুণীয়া কৰি আহিছে। বুধবাৰে নিশা ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত নোনাইখাচ গাঁৱত হাতীয়ে ব্যাপক সন্ত্ৰাস চলায়৷ বন্যহস্তীয়ে এফালৰ পৰা ধ্বংস্তুপত ৰূপান্তৰিত কৰে নোনাইখাচৰ কেইবাটাও দুখীয়া পৰিয়ালৰ গৃহ লগতে প্ৰায় দুইলক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট কৰে।

আনকি বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলাওঁতেই বিদ্যুতৰ তাৰ লাগি থকা এজোপা গছত বিদ্যুতপৃষ্ঠ হৈ চাৰিজন লোক আহত হয়৷ হাতীৰ সন্ত্ৰাসৰ বিৰুদ্ধে স্থানীয় বনবিভাগক অৱগত কৰা সত্বেও ঘটনাস্থলীত নাহিল ননৈ বনকৰ্মী৷ মানুহক আক্ৰমণৰ লক্ষ্য কৰি অহা বলীয়া হাতীটোক ধৰাষায়ী কৰিবলৈ অসম চৰকাৰৰ বনবিভাগক আহ্বান জনাই ভূটান সীমান্ত বাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।