মন্দিৰৰ দেৱাল ভাঙিবলৈ নিৰ্দেশ দিয়া বাবে ৰাজহ চক্ৰৰ বিষয়াৰ সকীয়নি

 09/12/2019 - 13:05

 বৰপেটাঃ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে হিন্দু সকলৰ ধৰ্মীয় অনুষ্ঠান আৰু প্ৰতিষ্ঠান সংৰক্ষণৰ শ্লোগান দিছে৷ চৰকাৰৰ বিষয়াই বৰপেটাৰোডৰ বাহবাৰীৰ এখন ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ হুংকাৰ দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বাহবাৰীৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেন বৰ্মনৰ অভিযোগ অনুসৰি বাহবাৰী গাঁৱত বিগত পঞ্চাশ বছৰ ধৰি চলি থকা মন্দিৰৰ দেৱাল পৰিচালনা সমিতিয়ে নতুনকৈ নিৰ্মাণ কৰাৰ পাছত মন্দিৰৰ কাষেদি যোৱা এটি গাঁৱলীয়া পথৰ বহল ক’ম হোৱাৰ বাবে মন্দিৰৰ দেৱাল ভাঙি দিবলৈ সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নিৰ্দেশ দিয়াত বাহবাৰীৰ ৰাইজ জাঙুৰ খাই উঠিছে৷

বাহবাৰীৰ এই দুৰ্গা মন্দিৰৰ কোনো ধৰণৰ ক্ষতি হবলৈ নিদিয়ে বুলি স্থানীয় ৰাইজৰ লগতে কোচৰাজবংশী ছাত্ৰ সন্থায়ে সৰুপেটা ৰাজহ চক্ৰ বিষয়াক সকীয়াই দিছে। বাহবাৰীৰ স্থানীয় ৰাইজে বুধবাৰে জনোৱা মতে পুৰ্বে কোনো পথ নাছিল৷ বাহবাৰীৰ এই দুৰ্গা মন্দিৰ কাষত ৰাইজৰ যাতায়াতৰ বাবে ছয় ফুট মাটি এৰি দি দেৱাল নিৰ্মাণ কৰাৰ লগতে মন্দিৰৰ কাষত সম্প্ৰতি বসতি স্থাপন কৰা লোকসকলেও পথছোৱাৰ বাবে চাৰি ফুট মাটি এৰি দিয়াত পথছোৱাটো বৰ্তমান ১০ ফুট বহল হৈছে কিন্ত সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সান্তনা বৰাই পথছোৱা ১৮ ফুট বহল কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষক ধমকি দি মন্দিৰৰ দেৱাল ভাঙিবলৈ লৈনা দিয়াত স্থানীয় ৰাইজৰ লগতে কোচৰাজবংশী ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে।

হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত এই চৰকাৰখনে কাম কৰি অহা বুলি সততে জাহিৰ কৰি ফুৰা বিজেপি চৰকাৰৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা বাহবাৰীৰ এই দুৰ্গা মন্দিৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজ আৰু কোচৰাজবংশী ছাত্ৰ সন্থায় চৰকাৰক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।