বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি

 09/12/2019 - 14:01

ৰহা:-আহি আছে পূজাৰ বতৰ। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈও মাজত মাথোঁ কেইটামান দিন বাকী। মৃন্ময় শিল্পীসকলৰ ব্যস্ত হ'বলগীয়া হৈছে মূৰ্তি নিৰ্মাণ কামত। বিগত ৪০-৫০ বছৰে মূৰ্তি নিৰ্মাণেই প্ৰধান জীৱিকা হিচাপে বাছি লোৱা ৰহাৰ চাপৰমুখৰ নিতাই পাল নামৰ ব্যক্তিজনৰ পৰিয়াটোও পূৰ্ণদমে ব্যস্ত হৈছে বিশ্বকৰ্মাৰ মূৰ্তি আৰু দূৰ্গাদেৱীৰ প্ৰতিমা নিৰ্মাণকাৰ্যত। প্ৰতি বছৰে নিতাই পালৰ পৰিয়ালে এনেদৰে প্ৰতিমা নিৰ্মাণ কৰি আহিছে। এইবাৰ পঞ্চাশৰো অধিক বিশ্বকৰ্মাৰ মূৰ্তি আৰু সাতখন দূৰ্গা দেৱীৰ প্ৰতিমাৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

কেৱল ৰং দিবলৈ বাকী। প্ৰতিটো বিশ্বকৰ্মাৰ মূৰ্তি দুই হাজাৰৰ পৰা দহ হাজাৰ টকাত বিক্ৰী কৰে তেওঁলোকে আৰু প্ৰতিখন দূৰ্গা প্ৰতিমা বিক্ৰী হয় পোন্ধৰ হাজাৰ টকাৰ পৰা ত্ৰিশ হাজাৰ টকা পৰ্যন্ত। সময় মতে উলিয়াই দিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে এইসকল মূৰ্তি নিৰ্মাতা তথা মৃন্ময় শিল্পীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।