ৰঙিয়া মহাবিদ্যালয়ত মাৰাথন দৌৰ

 09/12/2019 - 14:17

ৰঙিয়াঃ শাৰীৰিক শিক্ষাৰ জৰিয়তে এখন সুন্দৰ ভাৰত গঢ়াৰ পৰিকল্পনাৰে আজি ৰঙিয়া মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক মাৰাথন দৌৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনত নতুনকৈ আৰম্ভ হোৱা শাৰীৰিক শিক্ষাবিভাগে অনষ্ঠিত কৰা মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে ৰঙিয়া সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া হেমেন সিংহাই।

প্ৰায় ৫৬০ মিটাৰ অতিক্ৰম কৰা মাৰাথন দৌৰৰ ফ্লেগ অফ কাৰ্য্যসূচীত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষ দীজেন শৰ্মা, কলেজ শিক্ষক কৰ্মচাৰী সন্থাৰ ৰমনি ৰাজবংশী, প্ৰাক্তন আছু নেতা অনুপ ডেকাৰ লগতে অৰুপ দাস। ইফালে মাৰাথন দৌৰৰ অন্তত অংশগ্ৰহনকাৰী সকলক বঁটা প্ৰদান কৰা হয়। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।