অভয়াপুৰীত যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

 09/12/2019 - 14:40

অভয়াপুৰীঃ অভয়াপুৰীৰ সমীপবৰ্তী ডুমুৰীয়া প্ৰথম খণ্ডৰ এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভয়াপুৰী থানাৰ অন্তৰ্গত ডুমুৰীয়া প্ৰথম খণ্ডৰ ৰফিকুল ইছলাম(২০)নামৰ যুৱকজনৰ লগত একেখন গাঁৱৰে এগৰাকী যুৱতীৰ মাজত প্ৰেমৰ সম্বন্ধ আছিল। কিছুদিন আগতে যুৱক-যুৱতী গৰাকীৰ মাজত প্ৰেমৰ সম্বন্ধক লৈ গঞা ৰাইজে ৰাজহুৱা বিচাৰ কৰিছিল। উক্ত বিচাৰত ৰাইজে যুৱকজনক শাস্তিও বিহিছিল।

উক্ত ঘটনা সন্দৰ্ভত যুৱকজন মানসিক ভাৱে ভাগি পৰে আৰু যুৱকজনে বৃহস্পতিবাৰে খেতিপথাৰত ব্যৱহৃত ওষ্টাড নামৰ কীটনাশক ঔষধ খাই আত্মহত্যাৰ চেষ্টা চলাইছিল। পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কে জানিব পাৰি ততালিকে যুৱকজনক সংকটজনক অৱস্থাত অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।