নলবাৰীত বিল্বেশ্বৰ দেৱালয় কমিটিৰ সংবাদমেল

 09/12/2019 - 14:43

নলবাৰীঃ অসমৰ অন্যতম শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালয়ত দূৰ্গাপূজাৰ প্ৰস্তুতি সম্পৰ্কে এখন সংবাদমেলৰ আয়োজন দূৰ্গাপূজা পৰিচালনা সমিতিৰ। ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দূৰ্গাপূজাৰ প্ৰস্তুতি তুংগত উঠিছে। ইফালে প্ৰায় ৩০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা দেৱালয় সমিতিয়ে জনোৱা মতে পানীৰ ওপৰত এখন ওপঙি থকা নাওৰ উপৰিও বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস লৈ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ইফালে নৱমী পূজাৰ দিনা ৩৮ টা মহ বলিৰ বাবে উছৰ্গা কৰিছে ভক্তই। আনহাতে ষষ্ঠী পূজাৰ দিনা অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশ লৱ।

২০০ ৰ পৰা ৩০০ শতিকাৰ ভিতৰত নাগাক্ষ ৰজাই স্থাপন কৰা এই দেৱালয়ত দূৰ্গাপূজাৰ ব্যাপক আয়োজন চলিছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত সম্পাদক ৰঞ্জিত বৰ্মন সভাপতি, প্ৰবীন কুমাৰ ডেকা আৰু দলৈ ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাজনো উদ্যোক্তা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।