নগাঁৱৰ আলিটাঙনীত আমছুৰ সজাগতা সভা

 09/12/2019 - 15:14

বটদ্ৰৱাঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখক, ন্যায়ালয়ে অন্যায় ভাৱে কোনো বৈধ নাগৰিকৰ নাম এন আৰ চিৰ পৰা কৰ্তন নকৰে। আজিজুৰ ৰহমানৰ এন আৰ চিক লৈ বৈধ ভাৰতীয় নাগৰিকৰ কোনো চিন্তাৰ কাৰণ নাই। মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চি কাম চলি আছে। এন আৰ চি সন্দৰ্ভত বিভ্ৰান্ত কৰিব বিচৰাসকলে যিকোনো মন্তব্য দিয়াৰ বিপৰীতে কিবা ভুল তথা অসোৱাহ থাকিলে উচ্চতম ন্যায়ালয়ত উপস্থাপন কৰক এই মন্তব্য আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ।

বুধবাৰে নগাঁও জিলাৰ আলিটাঙনী চাৰিআলিত আমছুৰ আলিটাঙনী আঞ্চলিক সমিতিৰ উদ্যোগত এন আৰ চি, শিক্ষা, বাল্যবিবাহ আৰু অসামাজিক কাৰ্যকলাপৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভাত অংশ গ্ৰহণ কৰি ৰহমানে কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ নথি-পত্ৰ জমা দিয়া সত্বেও যিসকলৰ নাম এন আৰ চিৰ প্ৰকাশিত খচৰাত উল্লেখ নাই তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখক। মহামান্য ন্যায়ালয়ে অন্যায় ভাৱে কোনো ভাৰতীয় নাগৰিকৰ নাম কৰ্তন নকৰে। এই সন্দৰ্ভত আমছুৱে অসম ভিত্তিত ৰাইজৰ মাজত সজাগতা অনাৰ ওপৰিও জাতি- ধৰ্ম- বৰ্ণ- নিৰ্বিশেষেসকলো বৈধ নাগৰিকক সহায় কৰিব বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে।

আনহাতে বাল্যবিবাহ সন্দৰ্ভত আমছুৰ উপদেষ্টা গৰাকীয়ে নগাঁও জিলা আৰক্ষী প্ৰশাসনক নগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ্বান জনায়। আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ উপস্থিত থাকি কয় যে, আমাৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰিবলৈ হ’লে আমি শিক্ষিত হ’ব লাগিব। শিক্ষাৰ মাধ্যমেৰে আমাৰ সমাজ ব্যৱস্থা পৰিবৰ্তন কৰিব লাগিব। প্ৰতিজন মানুহ যেতিয়া শিক্ষিত হ’ব তেতিয়া সমাজৰ পৰা কুসংস্কাৰবোৰ নাইকিয়া হৈ যাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।