পদ্মবিভূষণ লাভ কৰা প্ৰথম মহিলা এথলীট হ’ব উত্তৰ পূৱৰ মেৰীকম

 09/12/2019 - 15:31

ডিজিটেল ডেস্কঃ দেশৰ খেলৰ ইতিহাসত ক্ৰীড়া মন্ত্ৰালয়ৰ এক ঐতিহাসিক পদক্ষেপ। এইবাৰ পদ্ম সন্মানৰ বাবে কেৱল মহিলা এথলীটৰ নাম প্ৰেৰণ কৰিছে ক্ৰীড়া মন্ত্ৰালয়ে। ৯গৰাকী এথলীটৰ নাম ক্ৰীড়া মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে আৰু আটাইকেইগৰাকী মহিলা। ৯গৰাকী এথলীটৰ ভিতৰত উত্তৰ পূৱৰ বক্সাৰ মেৰীকমৰ নাম পদ্মবিভূষণৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে।

দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰ কাৰণে প্ৰথমবাৰলৈ এগৰাকী মহিলা খেলুৱৈ হিচাপে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ নাম প্ৰেৰণ কৰা হৈছে। পদ্মবিভূষণ সন্মান এইপৰ্যন্ত তিনিজন পুৰুষ খেলুৱৈ ডাবাচেম্পিয়ন বিশ্বনাথন আনন্দ, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু পৰ্বতাৰোহী ছাৰ এডমাণ্ড হিলাৰীক প্ৰদান কৰা হৈছে। ২০০৭চনত আনন্দে, ২০০৮চনত শচীন তেণ্ডুলকাৰে আৰু ২০০৮চনতে মৰণোত্তৰ হিচাপে এডমাণ্ড হিলাৰীক এই সন্মান দিয়া হৈছিল। মেৰীকমৰ লগতে অলিম্পিকৰ পদক বিজেতা আৰু বিশ্ব চেম্পিয়ন পিভি সিন্ধুৰ নাম পদ্মভূষণৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে। ২০১৫চনত সিন্ধুৱে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

মেৰীকম আৰু সিন্ধুৰ বাহিৰেও মল্লযুঁজাৰু ভিনেশ ফোগাট, টেবল টেনিছ খেলুৱৈ মনিক বাত্ৰা, মহিলা ক্ৰিকেট টীম টি–২০ দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, হকী কেপ্তেইন ৰাণী ৰামপাল, প্ৰাক্তন খেলুৱৈ সুমা চিৰুৰ আৰু পৰ্বতাৰোহী যঁজা ভগ্নীদ্বয় তাশী তথা নুংছি মালিকৰ নাম পদ্মশ্ৰী সন্মানৰ বাবে প্ৰেৰণ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।