আমগুৰিত বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ

 09/12/2019 - 15:42

আমগুৰিঃ আমগুৰি আঞ্চলিক সমিতিয়ে দাহ কৰে কেন্দ্ৰীয় সভাপতি অমিত শ্বাহৰ প্ৰতিমূৰ্তি। বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহে অসমলৈ আহি "নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬" গৃহীত কৰিম বুলি ঘোষণা কৰাৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় সভাপতিৰ প্ৰতিমূৰ্তি দাহ কৰে।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, অমিত শ্বাহ গ' বেক, শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি যি কোনো মূল্যৰ বিনিময়ত বিধেয়ক গৃহীত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।