সপ্তম অৰ্থনৈতিক চেনচাচ ২০১৯'ৰ শুভাৰম্ভ

 09/12/2019 - 16:38

বৰপেটাঃ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে সপ্তম অৰ্থনৈতিক চেনচাচ ২০১৯'ৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ফ্লেগ অফ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই। বৰপেটা জিলাৰ সৰ্বমুঠ ১২৯ টা গাঁও পঞ্চায়ত তথা ৩০০ৰো অধিক চুপাৰভাইজাৰ তথা ১৭০০ৰো অধিক তৃণমূল কৰ্মীৰ দ্বাৰা বৰপেটা জিলাৰ গ্ৰামাঞ্চল সমূহত সপ্তম অৰ্থনৈতিক চেনচাচ ২০১৯ৰো কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা যায়।

বৃহস্পতিবাৰে এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, দুলাল দেৱনাথ "নাছ"ৰ ফিল্ড অফিচাৰ মৰমী দাস, ডি আই ও অফ এন আই চি সতিশ শৰ্মা, অতিৰিক্ত ডি আই ও অফ এন আই চি বানীকান্ত ভড়ালী সহিতে চি এচ চি ডি এম ৰেজাউল হক, হৰ্ষজিৎ পাটগিৰি আৰু হাসমত আলী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।