বৰপেটাৰ V2 শ্ব’পিং ম’লত যুৱতীক নিৰ্যাতনৰ বিৰুদ্ধে ৰাম সেনাৰ প্ৰতিবাদ

 09/12/2019 - 16:48

বৰপেটাঃ বুধবাৰে বৰপেটা চহৰৰ V2 শ্ব’পিং ম’লত কৰ্মৰত এজনী যুৱতীৰ ওপৰত হাফিজুৰ ৰহমান নামৰ এজন যুৱকে শাৰীৰিক অত্যাচাৰ চলোৱা ঘটনাৰ উত্তেজনাৰ সাম কটা নাই। ঘটনাৰ মূল অভিযুক্ত হাফিজুৰ ৰহমানক ২৪ ঘন্টাৰ ভিতৰত আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত ৰাম সেনাৰ দ্বাৰা বৰপেটাত প্ৰতিবাদী সমদল উলিওৱা হয়।

প্ৰতিবাদকাৰীসকলে বৰপেটা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি তথা বিভিন্ন শ্লোগান দি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ পিনে অগ্ৰসৰ হয়। প্ৰতিবাদকাৰীসকলে দোষীক কৰায়ত্ত কৰাৰ দাবীত বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।