মাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনৰ চাউল ক’লা বজাৰত বিক্ৰী

 09/12/2019 - 17:05

হোজাইঃ টেম্পু ভৰ্তি কৰি চৰকাৰী চাউল বিক্ৰী কৰিবলৈ নিয়া সময়ত ধৰিলে ৰাইজে। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক লজ্জানত কৰা কাকীৰ শ্ৰীশ্ৰী মাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী শিৱপ্ৰসাদ বৰাৰ কৰ্মকাণ্ড শুনিলে হয়তু আপোনাৰো চকু কপালত উঠিব। বিগত বহুদিন ধৰি কেইটামান টকাৰ বিনিময়ত একে স্কুলৰে চকীদাৰ উত্তম বৰা ওৰফে কোষ বৰাৰ লগত মিলি বিক্ৰী কৰি আহিছিল স্কুলৰ মধ্যাহ্ণ ভোজনৰ চাউল।

প্ৰধান শিক্ষকৰ এনে কৰ্মকাণ্ডই কাকীবাসী ৰাইজক অতিষ্ঠ কৰি তোলাৰ লগতে ৰাইজ তথা স্কুল পৰিচালনা সমিতিৰ সদস্যই কেইবাবাৰো উক্ত কাৰ্যত বাধা দিছিল যদিও সকলো বাধাক আওকাণ কৰি প্ৰধান শিক্ষক তথা চকীদাৰে চলাই গৈছিল মধ্যাহ্ণ ভোজন চাউলৰ বিক্ৰীৰ ৰমৰমীয়া বেহা। বুধবাৰে পুৱা স্কুলৰ চকীদাৰ উত্তম বৰাই দুখন টেম্পু স্কুললৈ ভাড়া কৰি আনি এখন টেম্পুত ১৫ বস্তা চাউল ভৰাই বজাৰত বিক্ৰীৰ বাবে স্কুল চৌহদৰ পৰা উলিয়াই দি দ্বিতীয়খন টেম্পুত চাউল ভৰাই থকা অৱস্থাত স্থানীয় ৰাইজ তথা স্কুল পৰিচালনা সমিতিৰ সদস্যই চকীদাৰজনক হাতে-লোটে ধৰা পেলায়। ৰাইজে সোধাত চকীদাৰজনে প্ৰধান শিক্ষক শিৱপ্ৰসাদ বৰাই আদেশ দিয়াৰ বাবেহে উক্ত চাউল এনেদৰে বিক্ৰী কৰি থকা হৈছে বুলি স্বীকাৰ কৰে৷ পলাতক হৈ আছে প্ৰধান শিক্ষকজন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।