উত্তৰ গুৱাহাটীত ৰাইজে আটক কৰিলে দুই দুৰ্ধৰ্ষ গাড়ী চোৰ

 09/12/2019 - 17:18

উত্তৰ গুৱাহাটীঃ জি এন আৰ চিৰ সমীপৰ পৰা NL 03A 4089 নম্বৰৰ ৰন্ধন গেছ কঢ়িওৱা ট্ৰাকখন হাইজেক কৰিবলৈ লওঁতেই চালকে তৎপৰতাৰে আটক কৰে দুই চোৰক। আটকাধীন উত্তৰ প্ৰদেশৰ সত্য প্ৰকাশ আৰু বৰপেটাৰ সুৰ্যোৰ আলিয়ে চুৰি গাড়ী উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰাৰ স্বীকাৰোক্তি। প্ৰতিখন চুৰি ট্ৰাকৰ বাবদ লাভ কৰে বিশ হাজাৰ টকা।

ৰাইজে দুই চোৰক আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। আৰক্ষীয়ে চোৰ দুটা কৰায়ত্ব কৰিছে যদিও সাংবাদিকক ভিডি’অ সংগ্ৰহত বাধা প্ৰদান কৰে। চোৰ দুটাই ইয়াৰ পূৰ্বেও দিয়া স্বীকাৰোক্তিত ট্ৰাকখন উত্তৰ প্ৰদেশলৈ চালান দিলে হয় ২০,০০০ টকাৰ বিনিময়ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।