নগাঁৱৰ জাজৰিত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

 09/12/2019 - 18:51

ধিংঃ নগাঁও জিলাৰ জাজৰিত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। নিহত মহিলাগৰাকীৰ নাম দীপাঞ্জলি দেউৰী। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে। নগাঁও জিলাৰ পশ্চিমাঞ্চলত সম্প্ৰতি সঘনাই বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। পাচঁ দিন পূৰ্বে জিলাখনৰ ধিং গাঁৱত এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত-ভৰি বান্ধি জ্বলাই দিয়াৰ ঘটনাৰ মাৰ নৌযাওতেই বৃহস্পতিবাৰে জাজৰিত সংঘটিত হ'ল আন এক কৰুূূূণ ঘটনা। এইবাৰ ঘটনাৰ স্থান বটদ্ৰৱা সমষ্টিৰ বগৰীগুৰিত।

মহিলা গৰাকীক মাৰ ধৰ কৰি ডিঙি চেপি হত্যাৰ অভিযোগ পৰিয়ালৰ। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ স্বামী গৃহৰ বাৰাণ্ডাৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। মহিলাগৰাকী মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছে নগাঁৱলৈ। স্বামী বিপ্লৱ দেউৰীক আটক কৰি সোধপোছ জাজৰী আৰক্ষীৰ। বটদ্ৰৱা সমষ্টিৰ কাকমাৰি পঞ্চায়তৰ অন্তৰ্গত বগৰিগুৰি গাঁৱৰ ২২ বছৰীয়া দীপাঞ্জলী দেউৰীক প্ৰায়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলি জাজৰি আৰক্ষী থানাত উপস্থিত হ’ল সদৌ অসম প্ৰগতিশীল নাৰী সন্থা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।