বোকাজানত পিষ্টলসহ আটক নগা যুৱক

 09/12/2019 - 19:32

বোকাজানঃ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ চতলেঙৰীত আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই উদ্ধাৰ কৰে তিনি জাই সজীৱ গুলীসহ এটা .৩২ পিষ্টল আৰু এটা পুতলা পিষ্টল। অভিযানত আৰক্ষীয়ে মুঘাকা চুমি নামৰ এজন নগা যুৱকক আটক কৰি উদ্ধাৰ কৰে পিষ্টল দুটা।

ধৃত মুঘাকাৰ ঘৰ অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ বালিজানত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।