বটদ্ৰৱাত আইন সজাগতা সভা

 09/12/2019 - 19:44

বটদ্ৰৱাঃ নগাওঁ জিলাৰ বটদ্ৰৱাৰ ৰামপুৰত এন আৰ চি সম্বন্ধীয় এক আইন সজাগতা সভা অনুস্থিত হৈ যায়। বৃহস্পতিবাৰে দিনৰ ২বজাত বটদ্ৰৱা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰামপুৰ সএ গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডত অনুস্থিত হোৱা সভাখনত সভাপতিত্বত কৰে বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নুৰুল আমিনে। সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি পৰ্ব কৰে নজৰুল ইছলামে।

উক্ত দলীয় কৰ্মী সভাখনত সম্পূৰ্ণ এন আৰ চি তালিকাৰ পৰা বাদ পৰি ৰোৱা বৈধ ভাৰতীয় নাগৰিকৰ আইনী সাহায্য সম্পৰ্কে আলোচনা কৰা হয়। সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা শিৱা মণি বৰা, অধিবক্তা আবু জাফৰ ছিদ্দিক ৰামপুৰ সএ গাওঁ পঞ্চায়তৰ সভানেত্রী ৰাশিদা খাতুনৰ লগতে অঞ্চলটোৰ বহু কেইজন দলীয় কৰ্মী উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।