তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আৰক্ষীৰ সজাগতা সভা

 09/12/2019 - 19:46

তিনিচুকীয়াঃ বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক, যান-বাহন আৰক্ষীৰ নিয়মাৱলীমূলক সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত থকাৰ লগতে মহাবিদ্যলয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

সজাগতা সভাখনত বিতুল চেতিয়াই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে যান-বাহন আইনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সমূহ নিয়মাৱলী কিয় মানিব লাগে ছবিসহ বৰ্ণনা কৰে। এনে এখন সজাগতামূলক সভা তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত আয়োজন কৰাৰ কাৰণে অধ্যক্ষ ড° চৈতন্য বৰাদেৱে বিতুল চেতীয়াদেৱক ধন্যবাদ জনাইছে আৰু সকলো ছাত্ৰ-ছাত্ৰীক যান-বাহন আৰক্ষীৰ নিয়মাৱলীসমূহ মানি চলিবলৈ আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।