নৈশবাছত নিৰ্যাতিত মহিলা সাংবাদিক

 09/12/2019 - 20:17

গোলাঘাটঃ গুৱাহাটীৰ পৰা দুলীয়াজানলৈ গৈ থাকোতে সংঘটিত হৈছে এই ঘটনা। গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতৰ (নিয়মীয়া বাৰ্তা)ৰ এগৰাকী মহিলা সাংবাদিক গুৱাহাটীৰ পৰা দুলীয়াজানলৈ গৈ আছিল এখন নৈশ বাছত। নৈশ বাছখনৰ নাম 'জন ট্ৰেভেলচ' (AS 01AC7727)। বাছখনত গৈ থাকোতেই মহিলা সাংবাদিকগৰাকীৰ কাষৰ চিটত বহা এটা লম্পটে সংঘটিত কৰিলে এই কাণ্ড।

মহিলাগৰাকীৰ শৰীৰত হাত দিলে ৰাহুল খাটনিয়াৰ নামৰ লম্পটটোৱে। অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত দেৰগাঁও চাৰিআলিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৌৰি সাগৰৰ ৰাহুল খাটনিয়াৰক। নিশাই মহিলা সাংবাদিক গৰাকীয়ে দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।