কোকৰাঝাৰত পকী দলংৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

 09/12/2019 - 20:53

কোকৰাঝাৰ: ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দল বিপিএফৰ সতে চামিল হৈ নিৰ্বাচন খেলাৰ প্ৰস্তাৱ আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। ইউপিপিএলত থকা বিটিচি বিধান পৰিষদৰ ৭ জন নিৰ্বাচিত সদস্য বিপিএফ দলত চামিল হ’লে তথা একগোট হ’লে বিপিএফ দলে উৰ্খাও গৌৰা ব্ৰহ্মক ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠাব। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আগন্তুক বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ কুচকাৱাজ অব্যাহত থকাৰ সময়তে আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ হেকাইপাৰা-মুজাবাৰীত পকীদলংৰ আধাৰশীলা স্থাপন কৰি উক্ত মন্তব্য কৰিছে।

ৰাজহ বিভাগৰ দ্বাৰা সংগৃহীত পুঁজিৰে প্ৰায় ৮ কোটি ব্যয়ৰে নিৰ্মিত হ’বলগীয়া উক্ত পকী দলংৰ আধাৰশীলা স্থাপন কৰাৰ অন্তঃত এক সভাতো অংশগ্ৰহণ কৰে মহিলাৰীয়ে। পিছত সংবাদমাধ্যমৰ আগত মহিলাৰীয়ে বিটিচি নিৰ্বাচন উপলক্ষে একগোট সন্দৰ্ভত ইউপিপিএলৰ সতে আলোচনা অব্যাহত থকাৰ কথা সদৰী কৰি কয় যে বৰ্তমানলৈকে ইউপিপিএল দল বিপিএফৰ সতে চামিল তথা একগোট হোৱাত মান্তি হোৱা নাই আৰু ইউপিপিএল দলে আসন ভাগ বটোৰোৱাত হে গুৰুত্ব আৰোপ কৰিছে। কিন্তু মহিলাৰীয়ে কয় যে একগোট হোৱাৰ অৰ্থ মানে দল এটাই হ’ব লাগে আৰু সকলোৱে বিপিএফত আহিব লাগে। ইউপিপিএল দল বিপিএফত চামিল হলে ৭ জন ইউপিপিএলৰ স্থান একেই থাকিব বাক্সা আৰু ওদালগুৰিত ইউপিপিএলৰ সতে দুই এখন আসন মিলাই লোৱা হ’ব। পাৰ্টী এটাই ন’হলে আগৰ বছৰ বোৰৰ দৰে পুণৰাই গণ্ডগোল হ’ব বুলিও মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰতা অটুট থাকিব বুলি মন্তব্য কৰি অগপ আৰু বিজেপিকো নিৰ্বাচন খেলিবলৈ আসন দিয়া হ’ব বুলি মন্তব্য কৰে। তদুপৰি মহিলাৰীয়ে নৱ শৰণীয়া তেওঁৰ হিৰো নহয় বুলিও মন্তব্য কৰে। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ প্ৰস্তাৱ সন্দৰ্ভত ইউপিপিএল দলে কি সিদ্ধান্ত লব সেয়া বৰ্তমান মুহুৰ্তলৈকে আলোচনাৰ পৰ্যায়তে আছে যদিও বিষয়টোৱে বিটিচিত ব্যাপক চৰ্চা লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।