ৰঙিয়া পৌৰসভাক ৰাজ্যৰ ভিতৰত অন্যতম পৌৰসভা হিচাপে গঢ়িব লাগিব—সাংসদ দিলীপ শইকীয়া 

 09/12/2019 - 21:07

ৰঙিয়াঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক আজি ৰঙিয়া পৌৰসভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে পৌৰসভাৰ পদেন সদস্য হিচাপে শপত বাক্যপাঠ কৰোৱায়। শপত গ্ৰহণ কৰিয়ে সাংসদ শইকীয়াই কয় যে, ৰঙিয়া পৌৰসভাক অসমৰ পৌৰসভা সমিতি সমূহৰ ভিতৰত যাতে এক অন্যতম পৌৰসভা হিচাপে নিৰ্মাণ কৰি তুলিব পাৰো তাৰ বাবে উমৈহতীয়া প্ৰচেষ্টা লৈ আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত পৌৰসভাৰ কমিছনাৰ সকল কোন, কি দলৰ পৰা আহিছে এইটো ডাঙৰ কথা নহয়। আমি নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে সকলোকে সমদৃষ্টিৰে চাই সকলোৰে সমবিকাশৰ বাবে কাম কৰি যাব লাগিব।

ৰঙিয়াৰ যিমানবোৰ উন্নয়নমূলক কাম-কাজ আছে, সেই কাম-কাজ বোৰ আমি ত্বৰান্বিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনি সমূহৰ লাভ যাতে আমি পাঁও, তাৰবাবে সময়মতে প্ৰজেক্ট আদি প্ৰস্তুত কৰি ৰঙিয়াই সকলো ক্ষেত্ৰতে প্ৰথম হওঁ, তাৰ চেষ্টাত সময়মতে কামসমূহ কৰিব লাগিব বুলি কয় সাংসদ দিলীপ শইকীয়াই। আনহাতে সংবাদমাধ্যমৰ ফালৰ তুলসীবাৰী এপ'ল মিল সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত সাংসদ শইকীয়াই কয় যে, ৰঙিয়া তুলসীবাৰীৰ এপ'ল মিলটো সকলোৰে মৰমৰ এটা উদ্যোগ। এই উদ্যোগটো কেনেধৰণে জীয়াই ৰাখিব পাৰো তাক লৈ আমি চিন্তিত। এপ'ল মিলটো জীয়াই ৰখাৰ স্বাৰ্থত প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে। কিন্তু ইয়াক যদি স্থায়ীৰূপে চলাব লগা হয়, তেন্তে ইয়াত সংস্কাৰৰ প্ৰয়োজন আছে। এই সংস্কাৰবোৰ কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি ৰাইজেও মানি ল’ব লাগিব। তাৰ কাৰণে সকলোৱে মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব।

সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছে বুলি কয়। আনপিনে আমছুৱে স্মাৰক পত্ৰত দিয়া অসম চুক্তিৰ আধাৰত অসমীয়াৰ সংজ্ঞা নিৰূপন হ’ব লাগে বুলি কোৱাটো কিমান যুক্তিসংগত বুলি আন এক সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই কয় যে ভাৰতীয় সংবিধান ব্যৱস্থা মতে ভাৰতৰ সংবিধানে ভাৰতৰ নাগৰিকত্ব হিচাপে যাক স্বীকৃতি দিব তেওঁলোকৰে অসমত থকা সকল হ’ব অসমীয়া। এই ক্ষেত্ৰত ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লোৱাৰ বাদে বেলেগ কোনো ৰাস্তা নাই বুলিও কয় সাংসদ শইকীয়াই। ইফালে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, সহকাৰী আয়ুক্ত তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া কুমাৰ সুৰজিত বৰা, পৌৰসভাৰ পৌৰনেত্ৰী সীমা বৈশ্য প্ৰমূখ্যে পৌৰসভাৰ বহুকেইগৰাকী বিষয়ববীয়া তথা ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।