স্বামীৰ নিৰ্যাতনত প্ৰাণ গ’ল পত্নীৰ

 09/12/2019 - 21:45

বিশ্বনাথঃ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙিবিল গাঁৱত বোৱাৰী হত্যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। স্বামী পৰিয়ালৰ বলিত প্ৰাণ হেৰুৱালে আজিমলা বেগম নামৰ মহিলা এগৰাকীয়ে৷ বহু দিন ধৰি স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাই আহিছিল। বৃহস্পতিবাৰৰ পুৱা মহিলা গৰাকীক স্বামী ছহিবুৰ ইছলাম আৰু পৰিয়ালৰ লোকে মিলি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে৷ ইতিমধ্যে ছহিবুৰ ইছমালক জিনজিয়া আৰক্ষীয়ে আটক কৰিছে৷ আৰু মহিলা গৰাকীৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে বিহালী স্বাস্থ্য খণ্ডলৈ প্ৰেৰণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।