১২ বছৰীয়া পিতৃহাৰা কিশোৰৰ জীৱন সংগ্ৰাম, কচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে অন্ধ মাতৃক

 09/12/2019 - 21:46

গোলাঘাটঃ এটা বাসগৃহ। বাসগৃহটোৰ ভিতৰত শুবলৈ বহিবলৈ একো নাই। মাতৃ আৰু পুত্ৰই কটাইছে দুৰ্বিসহ জীৱন। কচু-ঢেকীয়া বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে গোলাঘাট থুৰামুখৰ কাঠকটীয়া গাৱঁৰ পংকজ গগৈ নামৰ এইজন বাৰ বছৰীয়া ছাত্ৰই। দহ বছৰৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱাৰ পাছত মাতৃ ভনী গগৈয়ে দিন হাজিৰা কৰি কণমানিটোক পোহপাল দি আহিছিল। কিন্তু দুৰ্ভাগ্য‌ই লগ নেৰা পৰিয়ালটোৰ জীৱনলৈ আকৌ নামি আহিছিল আন এক ঘোৰ অমানিষা। মাতৃ ভনী গগৈ এক ঘটনাত অন্ধ হৈ পৰিল। তাৰ পিছত এই কণমানি ছাত্ৰজনৰ জীৱনলৈ নামি আহে ঘোৰ অন্ধকাৰ।

মাতৃৰ পোহপালৰ লগতে নিজৰ পঢ়াশুনা কৰি যাব লগা হয়। অন্ধ মাতৃক দৈনিক শুশ্ৰষা কৰি ওলাই যাব লাগে বিদ্যালয়লৈ। তাৰ পিছত পিছবেলা বাৰীৰ পৰা ঢেঁকীয়া, কচু বিচাৰি বিক্ৰী কৰে বজাৰত। এতিয়া দুচকুত সপোনলৈ পংকজৰ সন্মুখত হাজাৰ বিঘিনি। অন্ধ মাতৃক চিকিৎসাৰ বাবে লাগে সহায়। নাই কোনো সংস্থাপন। নাই এটি ঘৰ। কি কৰিব উপায় পোৱা নাই পংকজে।

ইফালে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোৰ পৰিয়ালটোৰ খবৰ ছোছিয়েল মিডিয়া যোগে প্ৰত্যক্ষ কৰি বিধায়িকা ৰজলীনা তিৰ্কীয়ে প্ৰতিনিধি পঠাই সহায় কৰাৰ আশ্বাস দিয়ে। পূব মৰ‌ঙি আটছু আঞ্চলিক সমিতিৰ অনুৰোধ, কোনো সদাশয় লোকে সহায় কৰি উদ্ধাৰ কৰে দুৰ্ভগীয়া পৰিয়ালটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।