হাউলীত সজাগতা সভা

 09/13/2019 - 11:10

হাউলীঃ বৰপেটা জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু খণ্ড সমন্বয়ক বিভুৰঞ্জন ভৰালীৰ তত্বাৱধানত বৃহষ্পতিবাৰে দিনৰ ১১ বজাত হাউলীৰ সাহিত্য সভা ভৱনত উলহ-মালহেৰে ৰাষ্ট্ৰীয় পোষন মাহ উপলক্ষে সজাগতা সভা আৰু পোষন মেলা আয়োজন কৰা হয়। ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা সীমা দত্তই আঁত ধৰা সজাগতামূলক সভাত বৰপেটা অতিৰিক্ত জিলা উপায়ুক্ত পল্লৱ মজুমদাৰ,ভৱানীপুৰ সংহত শিশু প্ৰকল্পৰ চি ডি পি অ মহেন্দ্ৰ অধিকাৰী, পিৰামল ফাউণ্ডেচনৰ জিলা বিষয়া জাকিৰ হুছেইন,খণ্ড বিষয়া কাকলি ৰাণী দেবী,বৰপেটা পি এইচ ই ৰ প্ৰাঞ্জল ডেকা,ভৱানীপুৰ খণ্ড শিক্ষা বিভাগৰ খণ্ড তথ্য প্ৰণালী ব্যৱস্থাপনা বিষয়া দিপমজ্যোতি তালুকদাৰ,শৰ্মা, বি পি এ বিশালজ্যোতি বায়নকে আদি কৰি বহু কেইগৰাকী অতিথিয়ে ৰাষ্ট্ৰীয় পোষন মাহৰ তাৎপৰ্যৰ ওপৰত বক্তব্য ৰাখে। শলাগৰ শৰাই আগবঢ়ায় ছুপাৰভাইজৰ সীমা দত্তই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।