ডিগবৈত ডকাইতি কাণ্ড

 09/13/2019 - 12:37

ডিগবৈঃ চেটিংচ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পইচা আহৰণ কৰি ডিগবৈ কাৰ্যালয়লৈ অহাৰ সময়ত দুলিয়াজান-ডিগবৈ পথৰ বনাঞ্চলৰ মাজত দুজনীয়া এটা ডকাইতৰ দলে প্ৰথমে শিলগুটি নিক্ষেপ কৰি আগুচি ধৰি পথৰ মাজৰ চেটিংঙৰ কৰ্মচাৰি বিদ্যুৎ দুৱাৰ পৰা কাঢ়ি নিলে ১লাখ ১৩ হাজাৰ ৫০০ টকা৷ বিদ্যুত দুৱৰাই দুলিয়াজানৰ ডিমৌহলীয়া নামৰ ঠাইৰ পৰা প্ৰতিষ্ঠানটোৰ ঋনৰ কিস্তিৰ ধন সংগ্ৰহ কৰি ডিগবৈলৈ বাইকেৰে আহি আছিল৷ ডিগবৈ থানাত এজাহাৰ দিছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।