সংগীত শিল্পী শিৰোমণি শ্ৰীগোকুল পাঠকৰ ৯৪ সংখ্যক জন্মদিন উদযাপন

 09/13/2019 - 13:20

বৰপেটাঃ বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠকদেবৰ ৯৪ সংখ্যক জন্মদিন প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰীগোকুল পাঠক জন্মদিন উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰাৰ যো-জা কৰা হৈছে। তদুপলক্ষে অহা ১৪ অক্টোবৰ ২০১৯ ইং তাৰিখে আয়োজন কৰা শুভ জন্মদিন অনুষ্ঠানত ৯৩ বছৰীয়া এই গৰাকী মনিষীৰ নামত জীৱিত কালতে প্ৰদান কৰি অহা "লোকসংগীত" শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা এইবেলি অসমৰ প্ৰথিতযশা শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ তথা সুৰকাৰ শ্ৰীযুত সুধীৰ দাসদেৱলৈ আগবঢ়োৱা হ’ব।

বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগা শুভ জন্মদিন অনুষ্ঠানলৈ শ্ৰীগোকুল পাঠক জন্মদিন উদযাপন সমিতিৰ সম্পাদক নাৰায়ণ পাঠকে সকলোৰে উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।