ফুটবল খেলুৱৈ ৰূপত মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী

 09/13/2019 - 13:23

মৰিয়নী: গেৰুৱা বসন পিন্ধিব নোৱাৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কিন্ত গেৰুৱা বসন পিন্ধিব নোৱাৰিলেও এইবাৰ জাৰ্চি পিন্ধি ফুটবল খেলত ব্যস্ত থকা দেখা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক। কিন্ত ক'ত কেতিয়া ফুটবল খেলিলে বিধায়কগৰাকীয়ে। এইবাৰ মেচি হোৱাৰ মন মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ৰাজনীতিৰ পথাৰত নহয় এইবাৰ খেলপথাৰত ব্যস্ত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। খেলপথাৰত দুভৰিত ফুটবল লৈ বিপক্ষৰ বিৰুদ্ধে তয়াময়া যুঁজত নামিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

মৰিয়নী ক্ৰীড়া সন্থাৰ বাপুজী ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হৈ থকা নন্দ বৰা আৰু ৰুবুল হাজৰিকা সোঁৱৰণী প্ৰাইজমানী ফুটবল টুৰ্নামেন্টৰ উদ্ধোধনী খেলখন নিউ সোনোৱাল বাগিচা আৰু উদয়ন ক্লাৱৰ মাজত অনুস্থিত হয়। বিধায়ক গৰাকীয়ে নিউ সোনোৱাল বাগিছা দলৰ হৈ খেলখনত অংশগ্ৰহণ কৰে। খেলখনত উদয়ন ক্লাৱৰ হাতত নিউ সোনোৱাল চাহ বাগিছা ৫-১ গ'লত পৰাস্ত হয়। বিধায়ক গৰাকীয়ে নিজ দলৰ হৈ গ'ল দিব নোৱাৰিলে যদিও সুন্দৰ খেল প্ৰদৰ্শনে  উপস্থিত দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।