ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

 09/13/2019 - 14:16

কৰিমগঞ্জঃ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিৰ বাবে বৰাকৰ স্থানীয় ৰাইজক বঞ্চিত কৰা হৈছে। সেই সন্দৰ্ভত শুকুৰবাৰে কৰিমগঞ্জত একন ধৰ্ণা কাৰ্যসূচী পালন কৰে কৰিমগঞ্জৰ কংগ্ৰেছীসকলে। কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখত  প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছীসকলে।

স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলোক উপেক্ষা কৰি বৰাকৰ বাহিৰৰ পৰা কিয় চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ চাকৰি প্ৰদান কৰা হৈছে, প্ৰশ্ন তোলে বিধায়কে। ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়। ৰাজ্যচৰকাৰ মুৰ্দাবাদ, সৰ্বা চৰকাৰ মুৰ্দাবাদ,  শ্লোগান তুলি তেওঁলোকে আকাশবতাহ কঁপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।