ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে খাদ্য মেলা

 09/13/2019 - 15:03

বৰপেটা: বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প লছিমাৰ উদ্যোগত ১০নং ক্ষুদ্ৰ আমৃখোৱা অঙ্গনবাডী কেন্দ্ৰত বৃহস্পতিবাৰে এখন খাদ্য মেলা অনুষ্ঠিত হয়। খাদ্য মেলাখনত বিভিন্ন থলুৱা শাক-পাচলি, ফল-মূলৰ লগতে থলুৱা খাদ্যৰ প্ৰদৰ্শন কৰা হয়। মেলাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আমৃখোৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা০ চন্ৰমণি ঠাকুৰে।

আদৰণী ভাষণ ৰাখে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড প্ৰকল্প সহায়ক ৰণজিৎ তালুকদাৰে। অনুষ্ঠানত ১২নং পূব সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তৰ সভাপতি ৰাতুল বৰ্মন, খণ্ড সমন্বয়ক মণজিৎ দাস, নীতি আয়োগৰ বিটিও বীৰেন দাস, মূখ্য সেৱিকা ক্ৰমে ডিউটি ডেকা, প্ৰমিলা খনিকৰ,অহেদা বেগম আৰু মানসী বৰ্মনৰ লগতে কেন্দ্ৰটোৰ কৰ্মী অজন্তা বৰ্মন, সহায়িকা সুমিত্ৰা বৰ্মন, এ এন এম ভনীতা তালুকদাৰ আৰু আশাকৰ্মী সুমিত্ৰা ৰয়ৰ লগতে শিশু, মাতৃ আৰু ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।