ৰহাৰ কপিলীত টেট শিক্ষকৰ প্ৰতিবাদ

 09/13/2019 - 16:05

কপিলীঃ প্ৰতিবাদত নামিল টেট শিক্ষক সমাজ। বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰহাৰ কপিলী ব্লক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টেটত উত্তীৰ্ণ শিক্ষক সমাজে শুক্ৰবাৰে কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ কা্ৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। শুক্ৰবাৰে পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ ধৰ্মঘট ৰূপায়ণ কৰে আৰু প্ৰতিবাদী শ্ল'গানেৰে মুখৰিত কৰি বিনাচৰ্তে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দাবীসমূহ মানি ল'বলৈ চৰকাৰক দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।