ধেমাজিৰ বৰদলনি শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট শিক্ষকসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

 09/13/2019 - 16:39

ধেমাজিঃ বিদ্যালয়ৰ পাঠদান এৰি আন্দোলনত বহিল বৰদলনি টেট শিক্ষক-শিক্ষয়ত্ৰী। গোগামুখস্থিত বৰদলনি শিক্ষাখণ্ড কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী। ২০০ৰ অধিক শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে। দিশপুৰ চলো কাৰ্যসূচীৰ পিছতে এইবাৰ টেট শিক্ষকে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে গোগামুখত। ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰন কৰাৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে বৰদলনি প্ৰাথমিক টেট শিক্ষকসকলে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টেট্ শিক্ষক সমাজে। প্ৰতিবাদৰ অন্তত শিক্ষাখণ্ড বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰন কৰে টেট শিক্ষক সমাজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।