ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘটঃ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

 09/13/2019 - 17:22

কয়াকুছিঃ সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে বৰপেটা জিলাৰ হাউলীতো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে শিক্ষক সকলে। ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত ৪১ হাজাৰ প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে বিনাচৰ্তে বেতন সুৰক্ষা কৰাৰ দাবীত শুকুৰবাৰে হাউলীস্থিত ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষক সমাজে।

উক্ত অৱস্থান ধৰ্মঘটত শিক্ষা খণ্ডটোৰ দুই শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। লগতে তেওঁলোকৰ দাবী সমূহ অতিশীঘ্ৰে পূৰণ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ পৃথকে পৃথকে স্মাৰক পত্র প্ৰেৰণ কৰে ।

ভবানীপুৰ খণ্ড প্ৰাথমিক বিষয়া লীলাধৰ দাসে উপস্থিত থাকি স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ লগতে শিক্ষক সমাজক উদ্দেশ্যি শান্তনামূলক বক্তব্য প্ৰদান কৰে। উক্ত অৱস্থান ধৰ্মঘটত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনৰ বৰপেটা মহকুমা সমিতিৰ সম্পাদক ছমচেৰ আহমেদ আৰু ভৱানীপুৰ শিক্ষা খণ্ডৰ সমিতিৰ সম্পাদক টংকেশ্বৰ কলিতায় অংশ গ্ৰহণ কৰি সমৰ্থন আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।